মিছামাৰীঃ শোণিতপুৰৰ সোণাই-ৰূপাই অভয়াৰণ্যত বাহৰ পতা বনৰীয়া হাতীয়ে বিশেষকৈ নিশাৰ ভাগত মাজে সময়ে ওলাই কাষৰীয়া মিছামাৰী অঞ্চলত উপদ্ৰৱ চলোৱাৰ দৰে বৃহস্পতিবাৰে নিশাও চাৰিটা হাতীৰ এটা জাকে অঞ্চলটোৰ পুৰণা মিছামাৰীত ওলাই ৰাজু শ্বাহ নামৰ লোকজনৰ আটা মিল আৰু দোকানত প্ৰবেশ কৰি মেচিন-যন্ত্ৰপাতি আদিৰ উপৰিও মিলত গুড়ি কৰিবলৈ গ্ৰাহকে থৈ যোৱা বুট, দালি, চাউল, গেঁহু আদিৰ বস্তা বোৰ লণ্ডভণ্ড কৰে।
মিলৰ সৈতে ঘৰ আৰু ব্যৱসায় প্ৰতিষ্ঠান থকা ৰাজু শ্বাহৰ মিলৰ সামগ্ৰীৰ উপৰি দোকান আৰু ঘৰৰ চাউল, দালি, আটা লণ্ডভণ্ড কৰাৰ লগতে ঘৰ বোৰ ভাঙি থৈ যায়। নিশা প্ৰায় ১ বাজি ৩০ মিনিটত বজাত হাতীৰ জাকটোৱে উপদ্ৰৱ চলোৱাৰ উমান পাই ওচৰ চুবুৰীয়াই শোৱাপাটিৰ পৰা উঠি আহে আৰু হাতীৰ জাকটোক খেদাৰ ব্যৱস্থা কৰে।