67
কামপুৰঃ আপোন ঘৰখন চকুৰ সমুখতে বন্যহস্তীয়ে ভাঙি পেলোৱাৰ ফলত সৰ্বশ্ৰান্ত হৈ পৰা এগৰাকী মহিলাই সাংবাদিকৰ কেমেৰাৰ সমুখতে হুকহুকাই কান্দে। নগাৱৰ কন্দলীৰ শগুনবাহীৰ এগৰাকী মহিলাৰ এই কান্দোন।
আজি পুনৰাই পাহাৰৰ পৰা খাদ্যৰ সন্ধানত নামি অহা বনৰীয়া হাতীৰ জাকে ভাঙি লণ্ড-ভণ্ড কৰে চাৰিটাকৈ বাসগৃহ। অাতংকিত হৈ পৰে গাঁওবাসী। ঘটনাস্থলীত উপস্থিত হৈছে বনবিভাগ লোক।