Home ৰাজ্যমংগলছিঙক লাগে কাৰ্যবাহী সদস্যৰ পদ

মংগলছিঙক লাগে কাৰ্যবাহী সদস্যৰ পদ

by News Desk
88 views
A+A-
Reset

খেৰণিঃ  কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ ফলাফল ঘোষণাৰ এমাহ পাৰ হোৱাৰ পাছতো ৰাজ্যিক বিজেপিয়ে এই পৰ্যন্ত ঘোষণা কৰা নাই পৰিষদখনৰ কাৰ্যবাহী সদস্যৰ নাম৷ যাৰ ফলত কাৰ্বি আংলংবাসীয়ে চৰকাৰী কাম-কাজত ভিন্ন সমস্যাত পৰি আহিছে৷ দলটোৰ এনে এক নীৰৱ ভূমিকাত পাহাৰীয়া জিলাখনৰ বিজেপিৰ নেতা-কৰ্মীৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷

তাৰ মাজতে ৮ নং হামৰেণ পৰিষদীয় সমষ্টিৰ তেলেহৰত বিজেপিয়ে আজি বিজয় উংসৱ পালন কৰে৷ বিজেপিৰ বিজয় উৎসৱত ৮ নং হামৰেণ সমষ্টিৰ প্ৰতিনিধি তথা পৰিষদীয় প্ৰাক্তন কাৰ্যবাহী সদস্য মংগলছিং তিমুং উপস্থিত থকাৰ লগতে পৰিষদীয় বৰজান সমষ্টিৰ জনপ্ৰতিনিধি তথা প্ৰাক্তন কাৰ্যবাহী সদস্য লংকি তিমুং, পৰিষদীয় বিভাগীয় প্ৰাক্তন বৰ্ড অধ্যক্ষ ক্ৰমে বিদ্যাছিং টেৰন, ৰঞ্জিত টেৰন, পশ্চিম কাৰ্বি আংলং বিজেপি জিলা সমিটিৰ নেতা হাৰমন বে’, সদস্য মংগল বে’, পশ্চিম কাৰ্বি আংলং জিলা বিজেপি যুৱ মৰ্চাৰ সভাপতি বিৰছিং হান্সে, ছাৰমেন ফাংচ, বিৰেনছিং তিছ’, পিটৰ তিমুং, লংছিং ৰংফাৰ, জয়ছিং ৰংহাং উপস্থিত থাকে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0