ইম্ফলঃ ৰাজনীতিত কিনা-বেচা কোনো নতুন কথা নহয়৷ কিন্তু সমাজৰ বাবে সংগ্ৰাম কৰাৰ পণ লোৱাগৰাকীক কিনাৰ বাবে উৎকোচ দিয়াজন হ’ব দুঃসাহসী৷ এই দুঃসাহসেই দেখুওৱাৰে অভিযোগ উত্থাপন কৰিছে মণিপুৰৰ লৌহমানৱী ইৰম শৰ্মিলাই৷ তাকো এই দুঃসাহস কৰিছে গেৰুৱা দলৰ প্ৰতিনিধিয়ে৷ এই অভিযোগ শৰ্মিলাৰ৷
পিছে টকাৰ বাবে হেনো আদৰ্শ বিক্ৰী নকৰে শৰ্মিলাই৷ উগ্ৰপন্থী সমস্যাৰে জৰ্জৰ মণিপুৰত মানৱ অধিকাৰৰ বাবে বিগত দুটা দশকজুৰি যুঁজ দিয়া শৰ্মিলাই ৰাজনীতিত প্ৰৱেশৰ সিদ্ধান্ত লোৱাৰ দুদিন নৌহৌওতেই শৰ্মিলাক উৎকোচ যাঁচিছে ভাৰতীয় জনতা দলৰ প্ৰতিনিধি এজনে৷ এই কথা সোমবাৰে সংবাদমেলৰ আগত সদৰী কৰি শৰ্মিলাই কয় যে ধনৰ বাবে আদৰ্শৰে আপোচ নকৰে শৰ্মিলাই৷