মাৰ্ঘেৰিটাঃ তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ অন্যতম ঐতিহাসিক শৈক্ষিক প্ৰতিষ্ঠান মাৰ্ঘেৰিটা মহাবিদ্যালয়ৰ অধ্যক্ষ ড. বুধিন গগৈৰ বিৰুদ্ধে উত্থাপিত হৈছে বিত্তীয় কেলেংকাৰীৰ গুৰুত্বপূৰ্ণ অভিযোগ৷
বিতৰ্কিত অধ্যক্ষজনৰ দ্বাৰা মহাবিদ্যালয়খনত সংঘটিত হোৱা বিগত সুদীৰ্ঘ দিনীয় কেইবাটাও বিত্তীয় কেলেংকাৰীৰ বিৰুদ্ধে উত্থাপিত হৈ অহা অভিযোগৰ ভিত্তিত অসম আৰক্ষীৰ ভিজিলেন্স এণ্ড এন্টিকৰাপচন শাখাই ভাৰতীয় দণ্ডবিধি আইনৰ ১২০ (বি), ৪০১ , ৪২০ , ৪৬৮ , ৫০০ ধাৰাৰ অধীনত ১৮/১৭ নং গোচৰ ৰুজু কৰি গগৈৰ দ্বাৰা সংঘটিত কেলেংকাৰীৰ সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে৷