লিডুঃ অৱশেষত বহু-জল্পনা কল্পনাৰ অন্তত ৰাজ্যৰ ৩৩ খন জিলাত আজি ঘোষনা কৰা হল পঞ্চায়ত নিৰ্বাচনৰ ফলাফল ৷ ৰাজ্যখনৰ অন্য প্ৰান্তৰৰ সমান্তৰাল কৈ মাৰ্ঘেৰিটা মহকুমাৰ ২২ খন গাওঁ পঞ্চায়তৰ ভিতৰত আজিৰ দিনটোত বহু কেইখন পঞ্চায়তৰ ফলাফল ঘোষনা কৰাৰ পাছতেই যেন এক গভীৰ উৎকন্ঠাৰ অন্ত পৰিল ৷ ইতিমধ্যে শাসনাধিষ্ঠ বিজেপি দলে মহকুমাটোৰ ২২ খন গাওঁ পঞ্চায়তৰ ভিতৰত বিভিন্ন স্তৰত সৰ্বাধিক আসন দখলেৰে শক্তিশালী স্থিতি গ্ৰহন কৰি থকাৰ বিপৰীতে বাতৰি প্ৰেৰনৰ সময়লৈকে কংগ্ৰেছৰ স্থিতি পূৰ্বৰ তুলনাত দুৰ্বল ৰূপে বিবেচিত হৈছে ৷
এই বাতৰি প্ৰেৰনৰ সময়লৈকে মহকুমাটোৰ বিভিন্ন পঞ্চায়তৰ ফলাফল অনুহৰি লিডু শামুকজানৰ ৭ টা ৱাৰ্ডত বিজেপি, ৩ টাত কংগ্ৰেছ হোৱাৰ লগতে পঞ্চায়ত সভানেত্ৰীৰ পদত অনিলা ফুকন (বিজেপি) আৰু আঞ্চলিক পঞ্চায়ত সুকদেৱ শৰ্মাই বিজেপি দলৰ হৈ বিজয় সাব্যস্থ কৰে ৷ দুৱাৰমৰাত ৬ টা ৱাৰ্ডত কংগ্ৰেছ হোৱাৰ বিপৰীতে ৪ টাত বিজেপিয়ে বিজয় সাব্যস্থ কৰে , ইফালে মাকুম পথাৰত দহটা ৱাৰ্ডতে বিজেপিয়ে বিজয় সাব্যস্ত কৰি নিজৰ দখললৈ আনিবলৈ সক্ষম হয় ৷ আনহাতেদি বৰগোলাই গাওঁ পঞ্চায়তত কংগ্ৰেছে ৩ খন আসন ,বিজেপিয়ে ৭ খন আসনেৰে বিজয় সাব্যস্থ কৰে ৷