103
মৰিয়নীঃ মৰিয়নীৰ গাভৰু পৰ্বত চাহ বাগিছাত নাহৰফুটুকী বাঘ হত্যা। পূৰ্ণ বয়স্কৰ নাহৰফুটুকীতোক বিহ দি হত্যা কৰাৰ সন্দেহ কৰিছে স্থানীয় ৰাইজে।
চাহ বাগিছাৰ এটা নলাত উদ্ধাৰ হয় বৃহৎকাৰৰ মৃত নাহৰফুটুকীটো। বাঘটোৰ দাঁত নখ কাটি লৈ যায় দুস্কৃতিকাৰীয়ে। উল্লেখ্য যে, অঞ্চলটোত দীৰ্ঘ দিন ধৰি কেইবাটাও নাহৰ ফুটুকী বাঘে বিচৰন কৰি সন্ত্ৰাস চলাই অহা লগতে বহু লোকৰ পশুধন হানি কৰিছিল। সম্প্ৰীতি বনবিভাগে মৃত নাহৰফুটুকীটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে।