গোৰেশ্বৰঃ গ্ৰাম্য অৰ্থনীতিৰ অন্যতম চালিকা শক্তি হ’ল বজাৰ বা হাট। গ্ৰামাঞ্চলৰ দুৰ্বল যাতায়াতৰ বাবে দূৰণিবটীয়া গাঁওবাসীক সুবিধা প্ৰদান কৰি অহা সাপ্তাহিক আৰু অৰ্ধসপ্তাহিক বজাৰসমূহে শ শ নিবনুৱাক সংস্থাপন দিয়াৰ লগতে গ্ৰাম্য অৰ্থনীতিও সবল কৰি তুলিছে।
বাগসা জিলাৰ গোৰেশ্বৰ ৰাজহ চক্ৰৰ অন্তৰ্গত মহৰিপাৰাৰ টেঙাঝাৰ শুক্লাই নৈৰ পাৰত নতুনকৈ স্থাপন কৰা হৈছে এখন সাপ্তাহিক বজাৰ। বজাৰখনৰ বাবে চাৰি বিঘা ভূমি দান কৰে ফণীৰাম বড়োৱে। প্ৰতি দেওবাৰে বহিব লগা বজাৰখন পৰিচালনাৰ বাবে সভাপতি হিচাপে ধনপতি ডেকা আৰু সম্পাদক হিচাপে দীনেশ বড়োক দায়িত্ব দিয়া হয়।