newsnextone.com | চাবুৱাঃ হিন্দু শৰণাৰ্থীক অসমত সংস্থাপন আৰু নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে কেইবাটাও জাতীয়-জনগোষ্ঠীয় সংগঠনৰ আহ্বানত সোমবাৰে কেইবাহাজাৰ লোক সমবেত হয় ডিব্ৰুগড় চহৰত৷ বিধেয়ক বাতিলৰ দাবীত সমৰ্থন কৰিবলৈ ওলাই অহা লোকসকলে বিভিন্ন শ্ল’গানেৰে চহৰ উত্তাল কৰি তোলে৷
অখিল গগৈয়ে ভাষণ প্ৰদান কৰি বিধেয়ক গৃহীত হলে অসমৰ খিলঞ্জীয়াৰ অস্তিত্ব নোহোৱা হ’ব বুলি কৈ ভাষা, সংস্কৃতি হেৰুৱাব লাগিব বুলি কয়৷ চৰকৈৰে ভোটৰ স্বাৰ্থত হিন্দু বাংলাদেশী সংস্থাপন কৰিব খোজে বুলি অভিযোগ উত্থাপন কৰে৷