চাবুৱাঃ দুই দশক ধৰি আৰক্ষী-সেনাৰ দ্বাৰা শাৰীৰিক-মানসিক আতিশয্যাৰ বলি হৈ অহা দৰং জিলাৰ ন-হাউলীৰ এটি দুৰ্ভগীয়া পৰিয়ালে অাত্মহত্যা কৰিবলৈ যো-জা চলোৱাৰ খবৰে ৰাজ্যজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।
পৰিয়ালটোৰ শুক্লেশ্বৰ ডেকা নামৰ সদস্যজন আলফাৰ লগত জড়িত আছিল যদিও ১৯৯২ চনত সেনাবাহিনীৰ গুলীত নিহত হৈছিল। তাৰ পাছতো শুক্লেশ্বৰ ডেকাৰ ভাতৃৰ বিৰুদ্ধে পাঁচটাকৈ গোচৰ ৰুজু কৰাৰ লগতে পৰিয়ালটোৰ অান সদস্যসকলক সেনা-আৰক্ষীয়ে সোধ-পোছৰ নামত হাৰাশাস্তি কৰি আহিছে।