45
তিনিচুকীয়াঃ উচ্চ আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ জিলাখনৰ লগতে মটক জনগোষ্ঠীটোক গৌৰৱান্বিত কৰা ১২০ গৰাকী ছাত্ৰ-ছাত্ৰীক আজি সদৌ অসম মটক যুৱ-ছাত্ৰ সন্মিলনৰ তিনিচুকীয়া জিলা সমিতিয়ে জিলা পুথিভঁৰালত সম্বৰ্ধনা জ্ঞাপন কৰে৷
সন্মিলনৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি উদয় শংকৰ মহনৰ উপস্থিতিত তিনিচুকীয়া জিলাৰ সভাপতি দেৱজিত বৰুৱাৰ সভাপতিত্বত অনুষ্ঠানৰ আঁত ধৰে সাধাৰণ সম্পাদক কমলদ্বীপ বৰুৱাই৷