চাবুৱাঃ ৰাজ্যত মদ, জুৱা, ধপাতৰ প্ৰচলন অব্যাহত থকা বুলি অভিযোগ উত্থাপিত হৈ থকাৰ সময়তে ডিব্ৰুগড় জিলাৰ চাবুৱা অঞ্চলত ড্ৰাগছ-গাঞ্জাৰ সেৱনকাৰীৰ সংখ্যা বৃদ্ধি হোৱা বুলি অভিযোগ উত্থাপন হৈছে৷
কেন্দ্ৰীয়, ৰাজ্য চৰকাৰে ধপাত, ড্ৰাগছ, ধোৱা বিহীন ধপাতৰ বিৰুদ্ধে ব্যাপক প্ৰচাৰ চলাই ৰাইজক সচেতন কৰাৰ চেষ্টা চলাই গৈছে তেনে সময়তে চাবুৱা চহৰৰ বিভিন্ন ঠাইত ড্ৰাগছৰ ব্যাপক প্ৰচলনে যুৱ প্ৰজন্মক ধ্বংসৰ গৰাহলৈ আগবঢ়াই নিয়াৰ অভিযোগ উত্থাপন হৈছে৷ যুৱ প্ৰজন্মৰ বাবে বৰবিহ স্বৰূপ ড্ৰাগছে কোঙা কৰি পেলাইছে অলেখ যুৱকক৷ বহু যুৱকে অকালতে প্ৰাণ হেৰুৱাব লগা হৈছে৷