নলবাৰীঃ মা মানেই মমতা৷ মা মানেই নিৰাপত্তা৷ মা মানেই অস্তিত্ব৷ মা মানেই আশ্ৰয়৷ মা মানেই এবুকু ভালপোৱা৷ মা পৃথিৱাৰ সকলোতকৈ আপোন সকলোতকৈ প্ৰিয়৷ মাৰ ভালপোৱাক আজীৱন স্মৰণ কৰে মানুহে৷ মাক শ্ৰদ্ধা জনাই, মাৰ ভালপোৱাৰ ঋণ আমি কেতিয়াও পৰিশোধ কৰিব নোৱাৰো৷ প্ৰতি বছৰে মা দিৱস পালন কৰি মাক আমি শ্ৰদ্ধা যাচো৷
যিয়ে মাকৰ পৰা দূৰত থাকে তেওঁ এবাৰ ক’বলৈ পাহৰি নাযায় মা তোমাক মই ভালপাওঁ বুলি ক’বলৈ৷ মাক অভিনন্দন শুভেচ্ছা যিয়ে নাযাচো কিয় মাৰ মৰমৰ অৱদান আমি কেতিয়াও দিব নোৱাৰোঁ৷ জন্মৰ পৰাই আমাৰ শুশ্ৰুষা মায়ে কৰে৷ কাপোৰতে শৌচ-প্ৰস্ৰাৱ কৰা কেঁচুৱাটোক তালি-তুলি ডাঙৰ-দীঘল কৰে মায়ে৷ মাতৃৰ মৰম কি, সেই কথা সকলোৱে জানে৷ এই পৃথিৱীত মাতৃতকৈ শ্ৰেষ্ঠ কোনো নাই৷ নমাহ দহ দিন পেটত ৰাখি বহু কষ্টেৰে লালন-পালন কৰে সন্তানক৷