ডিজিটেল ডেস্কঃ শাৰীৰিক অক্ষমতা বহুতৰ বাবে অভিশাপশ্বৰূপ৷ কিন্তু এই অক্ষমতাক যিসকলে প্ৰতিদ্বন্দী হিচাবে ভাবি আগুৱায় যায়, সেইসকলেই জীৱন যুদ্ধত আন দহোজনতকৈ সফল হয়৷ শেহতীয়াকৈ তেনে এগৰাকী ব্যক্তিৰ মনোবলে সমগ্ৰ দেশতে চৰ্চা লাভ কৰিছে৷

বাহুবলীৰ অভিনেতা ৰাণা ডাগুৱতী৷ বৰ্তমানৰ সৰ্বত্ৰে জনপ্ৰিয় চলচিত্ৰ বাহুৱলীৰ দুটা খণ্ডতে ভল্লালদেৱৰ চৰিত্ৰত অভিনয় কৰা অভিনেতাজনে দেখা নাপায় তেওঁৰ সোঁচকুৰে৷

এটা সাক্ষাৎকাৰত অভিনেতাজনে কয় যে তেওঁৰ সোঁ চকুতো বেলেগ ব্যাক্তিয়ে দান কৰিছিল৷ কিন্তু সেই চকুটোৰে একোৱেই দেখা নাপায় অভিনেতাজনে৷ কেৱল বাওঁচকুৰেই পৃথিৱীৰ সৌন্দৰ্য উপভোগ কৰিছে অভিনেতাজনে৷

তেলেগু চলচিত্ৰৰ লগত ওতঃপ্ৰোতভাৱে জড়িত অভিনেতাজনে বলিউড ছবি "ডম মাৰো ডম" ত কৰা অভিনয়ে সমাদৰ লাভ কৰিছিল দৰ্শকৰপৰা৷ তদুপৰি আন কেইবাখনো জনপ্ৰিয় বলিউডৰ ছবিত অভিনয় কৰিছে অভিনেতাজনে৷

উল্লেখযোগ্য যে অভিনয়ৰ বাহিৰেও ২০০৬ত "ছেইনকাণ্ডু" চলচিত্ৰখনৰ ভিছুৱেল ইফেক্টৰ সমন্বয়কৰ বাবে আঞ্চলিক সন্মানো লাভ কৰিছিল ৰাণাই৷