গুৱাহাটীঃ এছ এছ ৰাজামৌলীৰ বিগ বাজেটৰ ছবি বাহুবলী-২য়ে দেশ-বিদেশৰ অগনন দৰ্শকৰ লগতে গুৱাহাটীৰ দৰ্শকৰো ব্যাপক সঁহাৰি লাভ কৰিছে৷ যোৱা শুকুৰবাৰে দেশ-বিদেশৰ ৯ সহস্ৰাধিক চিত্ৰগৃহত মুক্তি পোৱাৰ দিনাই এশ কোটিৰো অধিক টকা উপাৰ্জন কৰা ছবিখন উপভোগ কৰিবলৈ অহা দৰ্শকে গুৱাহাটীৰ চিত্ৰগৃহসমূহতো বিৰ দি বাট নোপোৱা অৱস্থাৰ সৃষ্টি কৰিছে৷
অনুৰাধা চিত্ৰগৃহত আজি পুৱাৰ পৰা দৰ্শকৰ লানি নিছিগা সোঁত বয়৷ একেদৰে মহানগৰীখনৰ সকলো চিত্ৰগৃহ, মাল্টিপ্লেক্স আদিতো দৰ্শকে উবুৰি খাই পৰা পৰিলক্ষিত হয়৷ অধিকাংশ চিত্ৰগৃহতে আগতীয়াকৈ সকলো টিকট সংৰক্ষণ হয়৷ ফলত বহুজনে ছবিখন উপভোগ কৰিবলৈ আহি বিফল মনোৰথেৰে উভটিবলগীয়া হয়৷