113
বাহকাবাৰীঃ নগাঁও জিলাৰ ৰহা সমষ্টিৰ অন্তৰ্গত কামপুৰস্থিত নিজ নাৰিকলি আদৰ্শ গাঁও। ১৯৮৬ চনত প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ প্ৰথমটো কাৰ্যকালত ভূমিহীন লোকসকলক ভূমি পট্টা দি স্থাপন কৰা হৈছিল এই গাঁওখন।
কিন্তু আজিকোপতি কোনো চৰকাৰী আঁচনিয়ে ঢুকি পোৱা নাই এই গাঁওখনক। গাঁওখনত বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থাকে ধৰি বিদ্যুতৰ, বিদ্যালয় আনকি যাতায়াতৰো সু-ব্যৱস্থা নাই। ৩১ বছৰে গাঁওবাসীয়ে নাদৰ লেতেৰা পানী খাইয়ে দিন অতিবাহিত কৰিছে।