104
কামপুৰঃ নগাঁৱত পুনৰ বন বিভাগৰ গাফিলতিৰ বাবে মৃত্যু হ’ল এটা হাতীৰ। কঠিয়াতলি ৰেঞ্জৰ অধীনস্থ আহুতলিত চোৰাং চিকাৰীয়ে এটা বন্যহস্তীক নিধন কাৰ্যত অঞ্চলটোৰ ৰাইজৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।
চোৰাং চিকাৰীয়ে নৃশংসভাৱে হত্যা কৰি হাতীটোৰ দাঁত আৰু শুৰ কাটি নিয়ে৷ উল্লেখ্য যে দেওবাৰে খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চললৈ অহা এই হাতীটোক অলপ দুৰ খেদিয়েই দায়িত্ব সামৰিছিল কঠিয়াতলি বন বিভাগে৷