ৰঙিয়াঃ চি পি আই এমৰ ৰাজ্যিক নেতা তথা ৰঙিয়াৰ প্ৰাক্তন বিধায়ক অনন্ত ডেকাক দলৰ পৰা ৰাজ্যিক সমিতিয়ে অব্যাহতি দিয়াত দলটোৰ মাজত তীব্ৰ জোঁকাৰণিৰ সৃষ্টি হৈছে। দলটোৰ ৰাজ্যিক সমিতিৰ সম্পাদক দেবেন ভট্টাচাৰ্য স্বাক্ষৰিত এক বিবৃতিত প্ৰাক্তন বিধায়ক ডেকা আৰু কৃষক সভাৰ নেতা ভূপেন শৰ্মা দলটোৰ সদস্য নহয় বুলি প্ৰকাশ পাইছে৷
ইয়াৰ লগে লগে দলটোৰ বহু নেতাই দল ত্যাগ কৰিবলৈ সাজু হোৱা বুলি চৰ্চিত হৈছে। একালৰ আছু নেতা ডেকাই সুদীৰ্ঘ কাল ধৰি দলটোৰ হৈ কাম কৰাৰ পিছত এনে অনাকাংক্ষিত পৰিস্থিতিৰ সন্মুখীন হৈছে৷ ইয়াক তেওঁ ৰাজনৈতিক ষড়যন্ত্ৰ বুলি আখ্যা দিছে৷