চাবুৱাঃ ৰাজ্যত বানে সংহাৰ ৰূপ ধাৰণ কৰাৰ পিছতো ভিন্ন প্ৰান্তত বানাক্ৰান্তক চৰকাৰে সহায় নকৰাৰ অভিযোগ উত্থাপিত হোৱা দেখা গৈছে৷ এনে অভিযোগৰ মাজতে অসম প্ৰেমী যুৱ-ছাত্ৰ সমাজে আজি বানাক্ৰান্তক সহায় কৰাৰ দাবীত ৰাজ্য চৰকাৰলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে।
সংগঠনটোৱে যোৰহাট জিলাৰ অন্তৰ্গত জাঁজিমুখ, বনাই, হালোৱা পথাৰ, কাকজান, টীয়ক আদি অঞ্চলত ব্ৰহ্মপুত্ৰ, জাঁজীকে ধৰি কেবাখনো নৈৰ বাঢ়নী পানীৰ কবলত পৰি জনসাধাৰণৰ পানীত হাঁহ নচৰা অৱস্থা হৈছে বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰে।