হোজাইঃ ৰাজ্যত উদ্বেগজনক হাৰত বৃদ্ধি পাইছে নাৰীজনিত অপৰাধ। প্ৰায় প্ৰতিদিনে ভিন্ন বয়সৰ বহু নাৰী হত্যা-ধৰ্ষণ অথবা আন নাৰীজনিত উৎপীড়নৰ বলি হ’বলগীয়া হৈছে। এনে নাৰকীয় কাণ্ড পোহৰলৈ আহিছে হোজাইত। দিন দুপৰতে খোৱাবস্তুৰ প্ৰলোভন দি দুজন যুৱকে এগৰাকী মানসিক বিকাৰগ্ৰস্ত যুৱতীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছে।
বহুদিন খাবলৈ নোপোৱা মানসিক বিকাৰগ্ৰস্ত যুৱতীগৰাকীক খাদ্যৰ প্ৰলোভন দি ধৰ্ষণ কৰা এজন অভিযুক্তক ৰাইজে আটক কৰি উত্তম-মধ্যম দিয়ে৷ ঘটনাৰ বিৱৰণি অনুযায়ী হোজাই থানাৰ অন্তৰ্গত হোজাইৰ গৌৰনগৰত মঙলবাৰে দিনত জামুহণ্ডল গাৱঁৰ প্ৰেম ভগত সিং নামৰ যুৱকজনে বন্ধু ৰমেশ ভগতৰ সৈতে মিলি সেই অঞ্চলৰে মানসিক বিকাৰগ্ৰস্ত যুৱতীগৰাকীক খোৱাৰ প্ৰলোভন দি গাঁৱৰ এখন সৰু হাবিলৈ লৈ যায়৷