58
কাজিৰঙাঃ মাতৃভাষা অবিহনে কোনো জাতি জীয়াই থাকিব নোৱাৰে৷ জাতি, সংস্কৃতিবান আৰু সদা চহকী হৈ থাকিবলৈ ভাষাটোক টনকীয়াল কৰি ৰাখিব লাগিব৷ এই মন্তব্য বোকাখাত মহকুমাৰ সহকাৰী আয়ুক্ত শান্তুনু গগৈৰ৷
আজি কাজিৰঙাৰ বোকাখাত জাতীয় বিদ্যালয়ত বোকাখাত মহকুমা প্ৰশাসনৰ উদ্যোগত কৃতী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনােৱাৰ উদ্দেশ্যে আয়োজিত সভাত অংশ গ্ৰহণ কৰি সহকাৰী আয়ুক্ত গগৈয়ে নৱ প্ৰজন্মক ভাষা জীয়াই ৰখাৰ বাবে কাম কৰি যাবলৈ আহ্বান জনায়৷