লখিমপুৰঃ কংগ্ৰেছৰ কাৰ্যকালত হোৱা দুৰ্নীতিৰ তদন্ত কৰাৰ লগতে দুৰ্নীতিৰ বিৰুদ্ধে এক জেহাদ ঘোষণা কৰাৰ পিছতো স্বয়ং বিজেপি দলৰ নেতাৰ কৰ্মকাণ্ডই শেহতীয়াকৈ ব্যাপক চৰ্চাৰ বিষয় হৈ পৰিছে। লখিমপুৰ জিলাৰ নাওবৈচা উন্নয়ন খণ্ডৰ শ শ পৰিয়ালে যি সময়ত পথ যোগাযোগৰ সুচলৰ বাবে পথ নিৰ্মাণৰ বাবে বাৰম্বাৰ উন্নয়ন খণ্ড কাৰ্যালয়ত, স্থানীয় গাঁও পঞ্চায়তত আবেদন কৰিও বিফল মনোৰথেৰে ক্ষোভত দিন কটাইছে সেই সময়ত নাওবৈচা উন্নয়ন খণ্ড কাৰ্যালয়, আঞ্চলিক পঞ্চায়তৰ সভাপতি, বিভাগীয় কণিষ্ঠ অভিযন্তাৰ আশীৰ্বাদপুষ্ট ভাগ্যবান পৰিয়ালক পথ সংযোজিত কৰিবৰ বাবে নজিৰবিহীনভাৱে এম জি এন ৰেগাৰ পাঁচ লাখ টকা অনুমোদন দিয়া কাৰ্যই নাওবৈচাত তীব্ৰ ক্ষোভৰ সৃষ্টি কৰিছে।
ৰহস্যজনকভাৱে চৰকাৰী ধনৰ পাঁচ লাখ টকা কোনে প্ৰাককলনৰ ভিত্তিত অনুমোদন জনাইছে সেয়াও তদন্তৰ বিষয়। এটা পৰিয়ালৰ প্ৰতি নাওবৈচা উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া, কণিষ্ঠ অভিযন্তাৰ লগতে একাংশ বিজেপি নেতাৰ ইমান দৰদ কিয় উতলি উঠিছে এই ক্ষেত্ৰত জিলা উপায়ুক্তৰ তদন্তৰ দাবী কৰিছে নাওবৈচাৰ বিভিন্ন দল সংগঠনে।