ওদালগুৰিঃ অসমত ১০ লাখ মহিলাক ৰন্ধন গেছ দিয়া গৈছে৷ এই আঁচনিত আধাৰ কাৰ্ডৰ প্ৰয়োজন হোৱা বাবে ৰাজ্যখনত আঁচনি আৰম্ভ কৰিব পৰা হোৱা নাছিল। পাছত কেন্দ্ৰীয় চৰকাৰৰ হস্তক্ষেপত আধাৰ কাৰ্ডৰ প্ৰয়োজনীয়তা শিথিল কৰাৰ পাছত ৰাজ্যখনত এই আঁচনিৰ কাম আৰম্ভ হৈছে। ফলত অসমত এই আঁচনি বিতৰণৰ প্ৰক্ৰিয়া বহু পলম হৈছিল। এই মন্তব্য মন্ত্ৰী ৰিহন দৈমাৰীৰ৷
শনিবাৰে ওদালগুৰিত প্ৰধানমন্ত্ৰীৰ উজ্জ্বলা আঁচনিৰ তৃতীয় পৰ্যায়ত মহিলাৰ মাজত বিনামূলীয়া ৰন্ধন গেছ বিতৰণ কৰি এই মন্তব্য আগবঢ়ায়। জিলাখনৰ বিভিন্ন প্ৰান্তৰ ৩৩ হাজাৰ পৰিয়ালৰ মাজত তিনিটা পৰ্যায়ত ৰন্ধন গেছৰ সংযোগ বিতৰণ কৰা হয়। ওদালগুৰি বিষ্ণুৰাভা কৃষ্টি সংঘ প্ৰাংগনত অনুষ্ঠিত অনুষ্ঠানত মন্ত্ৰীগৰাকীয়ে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীৰ লগতে দেশৰ প্ৰধানমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰে।