গোলাঘাটঃ গোলাঘাটত সাম্প্ৰতিক কভিড পৰিস্থিতিৰ বুজ ল’বলৈ আজি গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত উপস্থিত হয় গোলাঘাট জিলাৰ তত্বাৱধানত থকা ৰাজ্যৰ কেবিনেট মন্ত্ৰী অতুল বৰা। গোলাঘাট জিলা প্ৰশাসন তথা জিলা স্বাস্থ্য বিভাগৰ উচ্চ পদস্থ বিষয়াসকলৰ লগত এক বৈঠকত মিলিত হয় মন্ত্ৰীগৰাকী।
জিলাখনত কভিডৰ সাম্প্ৰতিক পৰিস্থিতি সম্পৰ্কে বুজ লোৱাৰ উপৰিও মন্ত্ৰীগৰাকীয়ে জিলাখনত কভিড ৰোগীসকলে সন্মুখীন হোৱা সমস্যা সমূহৰ সমাধানৰ ওপৰতো বিতংভাৱে আলোচনা কৰে। জিলাখনত অক্সিজেন চিলিণ্ডাৰৰ নাটনি, এম্বুলেঞ্চৰ ব্যৱস্থা সম্পৰ্কেও গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হয় মন্ত্ৰীগৰাকী।