newsnextone.com | নগাঁওঃ ৰাজ্যত আজিও অব্যাহত আছে বাল্য বিবাহ৷ চৰকাৰে স্বেচ্ছাসেৱী অনুষ্ঠানে বাল্য ৰোধ কৰিবৰ বাবে চেষ্টা অব্যাহত ৰখাৰ সময়তে নগাঁও জিলাৰ বটদ্ৰৱাত এগৰাকী নৱম শ্ৰেণীত অধ্যয়নৰত ছাত্ৰীক বিয়া দিয়া কাৰ্যই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়৷
ৰাজ্যৰ বিভিন্ন প্ৰান্তত অব্যাহত থকা বাল্য বিবাহৰ দৰে কু-প্ৰথাই সভ্য সমাজক চিন্তিত কৰাৰ সময়ে নগাঁৱত সাংবাদিকৰ তৎপৰতাত বাল্য বিবাহৰ কৱলত পৰা এগৰাকী কিশোৰীক সুকলমে উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা ঘটনাই সমগ্ৰ জিলাখনতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ বৃহস্পতিবাৰে নিশা প্ৰায় ৯ বজাত জিলাখনৰ জাজৰি থানাৰ অন্তৰ্গত হাতীযুঁজোৱা নিবাসী ইন্নত আলীৰ ১৫ বছৰীয়া নাবালিকা কন্যাৰ সৈতে বটদ্ৰৱাৰ নিকটৱৰ্তী ছলাপথাৰৰ আব্দুল ছালামৰ পুত্ৰ আনজাৰুল ইছলামৰ সৈতে গোপনে বাল্য বিবাহ সম্পন্ন হোৱাৰ বিষয়ে গোপন সূত্ৰে জানিব পাৰে বটদ্ৰৱাৰ স্থানীয় সাংবাদিক দিলদাৰ হুছেইনে৷