মিৰ্জাঃ প্ৰকৃতিৰ অপূৰ্ব সৃষ্টিত বছৰৰ আৰম্ভণিতে প্ৰকৃতিয়ে ন-ৰূপ পাই আৰু প্ৰকৃতি প্ৰেমী চহা ৰাভাসকলৰ জাতীয় উৎসৱ ‘বায়খো উৎসৱ’ উদযাপনৰ জৰিয়তে আয়া বায়খো দেৱীক পূজা-অৰ্চনা কৰে।
আয়া বায়খো দেৱীক সন্তুষ্ট কৰি আগন্তুক কৃষি কাৰ্য সফল কৰা আৰু মনৰ বাঞ্ছা পূৰণ কৰাৰ কামনাৰে নিখিল ৰাভা ছাত্ৰ সন্থা, ৰাণী আঞ্চলিক সমিতিৰ উদ্যোগত ৰাণী এল.পি.স্কুল প্ৰাঙ্গনত অহা ৯ জুনত এদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে বায়খো উৎসৱ উদযাপনৰ বাবে ব্যাপক প্ৰস্তুতি চলাইছে বুলি ৰাণী আঞ্চলিক ৰাভা ছাত্ৰ সন্থা আৰু উদযাপন সমিতিয়ে জানিবলৈ দিছে।