পাথৰিঘাটঃ ভাৰতত পোন প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ’বলগীয়া ফিফা ১৭ বছৰ অনূৰ্ধ্বৰ বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ সফল আয়োজনকে ধৰি জনপ্ৰিয়তা বৃদ্ধিৰ উদ্দেশ্য আৰু লক্ষ্য! মিছন ইলেভেন মিলিয়ন’ৰ কাৰ্য্যসূচী অনুসৰি দেশত আয়োজন কৰা ১৯ বছৰ অনূৰ্ধ্বৰ উজা কেফছ ফুটবল প্ৰতিভা অনুসন্ধান প্ৰতিযোগিতাখন অনুষ্ঠিত হয়।
মণ্ডল পৰ্যায়ৰ ফাইনেল খেলত অসম দলক প্ৰতিনিধিত্ব কৰা দৰং জিলাৰ জীয়ৰী অঞ্জলি ডেকাই তেলেংগনাৰ বিৰুদ্ধে খেলি একমাত্ৰ বিজয়সূচক গ’লটি প্ৰদান কৰি অসম দলক বিজয়ী কৰে। লগতে উক্ত খেল খনত শ্ৰেষ্ঠ খেলুৱৈ হিচাপে পুৰস্কৃত হয় অঞ্জলি ।