গুৱাহাটীঃ বিজেপিৰ জ্যেষ্ঠ নেতা প্ৰশান্ত ফুকনে বৃহস্পতিবাৰে দলৰ ৰাজ্যিক নীতি নৰ্ধাৰণ সমিতিৰ অধ্যক্ষ পদৰ পৰা পদত্যাগ কৰে৷

ৰাজ্যিক বিজেপিৰ নীতি নিৰ্ধাৰণ সমিতিৰ অধ্যক্ষ আছিল বিজেপি নেতা তথা বিধায়কগৰাকীয়ে৷ মন্ত্ৰীত্ব নোপোৱাৰ বাবেই পদত্যাগ কৰা বুলি খবৰ আহিছে৷

জানিব পৰা মতে, বুধবাৰে নতুন মন্ত্ৰীৰ তালিকা ঘোষণা কৰাৰ পিছৰে পৰাই নাৰাজ হৈ আছিল ফুকন৷ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গৃহ জিলা ডিব্ৰুগড় জিলাৰ সদৰ সমষ্টি ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকনে পদত্যাগ কৰে পঞ্চায়ত নিৰ্বাচনৰ নীতি নিৰ্ধাৰণ সমিতিৰ অধ্যক্ষ আৰু অসম চিকিৎসা মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ অধ্যক্ষ পদৰ পৰা। মন্ত্ৰী নোপোৱাৰ ক্ষোভত পদত্যাগ কৰা বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে, বৃহস্পতিবাৰে সৰ্বানন্দ সোণোৱাল মন্ত্ৰীসভাত স্থান লাভ কৰা ৭ গৰাকী নতুন মন্ত্ৰীয়ে শপত লয়৷ বুধবাৰে সৰ্বানন্দ সোণোৱালৰ মন্ত্ৰী সভাৰ সম্প্ৰসাৰণত স্থান পোৱা বিধায়কসকলৰ নাম ঘোষণা কৰিছিল চৰকাৰে৷ ইয়াৰ পাছতেই মন্ত্ৰীত্ব লাভ নকৰাত দুখ প্ৰকাশ কৰিছিল কেইবাগৰাকীও বিধায়কে৷ 

কিন্তু সকলো জল্পনা কল্পনাৰ অন্ত পেলাই ঘোষণা কৰা সম্প্ৰসাৰিত মন্ত্ৰীসভাতখনত স্থান লাভ কৰা ৭গৰাকী নতুন মন্ত্ৰীয়ে বৃহস্পতিবাৰে ৰাজভৱনত ৰাজ্যপাল জগদীশ মুখীয়ে শপত বাক্য পাঠ কৰোৱাৰ লগতে মন্ত্ৰী কেইজনে পদ আৰু গোপনীয়তাৰ শপত গ্ৰহণ কৰে৷ 

ৰাজভৱনত সিদ্ধাৰ্থ ভট্টাচাৰ্য, ছুম ৰংহাং, চন্দন ব্ৰহ্ম আৰু ফণীভূষণ চৌধুৰীয়ে কেবিনেট মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ বিপৰীতে ভৱেশ কলিতা, তপন গগৈ আৰু পীয়ুষ হাজৰিকাই স্বতন্ত্ৰ ৰাজ্যিক মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে৷ বিধায়কে মন্ত্ৰীৰূপে শপত লৈ থকাৰ সময়তে বিজেপিৰ জ্যেষ্ঠ নেতা প্ৰশান্ত ফুকনে দলৰ ৰাজ্যিক নীতি নৰ্ধাৰণ সমিতিৰ অধ্যক্ষ পদৰ পৰা পদত্যাগ কৰে৷