71
মৰিয়নীঃ আজি আকৌ হাতত দা-কুঠাৰ লৈ ওলাল বিধায়ক ৰূপজ্যোতি কুৰ্মী৷ এই অভিযান নগা খেদাৰ৷ বনবিষয়া নবজোতি বৰা আৰু স্থানীয় ৰাইজৰ সহযোগত আজি মৰিয়নীৰ বিধায়কজনে দিচৈভেলী সংৰক্ষিত বনাঞ্চলত নগাই বেদখল কৰা দুখন ছালি উচ্ছেদ কৰে।
বিধায়কজনে অঞ্চলটোৰপৰা ওলাই যাবলৈ নগাক ২৪ ঘন্টা সময় বান্ধি দিছিল। কিন্তু আজি সময় উকলি যোৱাত তেওঁ নিজে উচ্ছেদ কৰিবলৈ আগবাঢ়ি যায়৷ যুৱ বিধায়কজনৰ এই পদক্ষেপক স্থানীয় ৰাইজে প্ৰশংসা কৰিছে।