newsnextone.com | ডিজিটেল ডেস্কঃ ১৯৭৭ চনত দেশত ঘোষিত জৰুৰীকালীন অৱস্থাই ৪৩ বছৰ অতিক্ৰম কৰে৷ ১৯৭৭ চনত ঘোষিত জৰুৰীকালীন অৱস্থাৰ গইনা লৈ বিজেপিয়ে ২০১৮ চনত কংগ্ৰেছক ঘেৰাও কৰা পৰিলক্ষিত হৈছে৷ জৰুৰীকালীন অৱস্থাক সুঁৱৰি বিজেপিয়ে সমগ্ৰ দেশত কলা দিৱস পালন কৰে৷ একপ্ৰকাৰ কলা দিৱস কংগ্ৰেছক সমালোচনা কৰা দিৱসত পৰিণত হয়৷
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ অমিত শ্বাহে সংবাদ মেল অনুষ্ঠিত কৰি কংগ্ৰেছক তীব্ৰ সমালোচনা কৰা পৰিলক্ষিত হয়৷ কেৱল ইমানে নহয় সমগ্ৰ দেশৰ নেতাই আৰু প্ৰতিখন জিলাত সংবাদ মেল অনুষ্ঠিত কৰি কলা দিৱস পালন কৰে৷ অসমতো বিজেপিয়ে ৩৬ খন সাংগঠনিক জিলাত কলা দিৱস পালন কৰি সংবাদ মেল অনুষ্ঠিত কৰে৷ প্ৰকৃততে এয়া কংগ্ৰেছক সমালোচনা কৰাৰ বাবে দিৱস পালে কৰাৰ দৰে হোৱা বুলি অভিযোগ উত্থাপন হয়৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে মঙলবাৰে মুম্বাইত অনুষ্ঠিত হোৱা বিজেপিৰ কৰ্মকৰ্তাৰ এখন জনসভাত অংশ লোৱাৰ লগতে জৰুৰীকালীন অৱস্থাৰ সময়ত কংগ্ৰেছক বিৰোধীতা কৰা একাংশ লোকক সাক্ষাৎ কৰে৷