74
ইম্ফলঃ শুকুৰবাৰে পুৱাই উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য মণিপুৰত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী৷ মোডীক মণিপুৰৰ ৰাজ্যপাল নাজমা হেপটুল্লা আৰু মুখ্যমন্ত্ৰী এন বিৰেং সিঙে বিমান বন্দৰৰ পৰা আদৰি নিয়ে৷
মণিপুৰত অনুষ্ঠিত হ’বলগীয়া ভাৰতীয় বিজ্ঞান কংগ্ৰেছ উদ্বোধন কৰিব মোডীয়ে৷ পুৱা ১০.১০ বজাত বিজ্ঞান কংগ্ৰেছৰ সন্মিলন অনুষ্ঠানত অংশ গ্ৰহণ কৰে মোডীয়ে৷