71
ডিজেটেল ডেস্কঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জীৱনৰ ওপৰত বলীউডত নিৰ্মাণ হ’ব চলচিত্ৰ৷ শেহতীয়াকৈ প্ৰকাশ হোৱা এই খবৰে বলীউডৰ ভিতৰতো যথেষ্ট আলোড়নৰ সৃষ্টি কৰিছে৷
খবৰ অনুসৰি প্ৰধানমন্ত্ৰীগৰাকীৰ চৰিত্ৰত অভিনয় কৰিব অক্ষয় কুমাৰে৷ চিবিএফচিৰ অধ্যক্ষ পহলাজ নিহলানীয়ে চলচিত্ৰখনৰ সন্দৰ্ভত মতামত আগবঢ়াইছে৷ নিহলানীয়ে মতামত দি কয় যে প্ৰধানমন্ত্ৰীৰ চৰিত্ৰৰ বাবে অক্ষয় কুমাৰতকৈ শ্ৰেষ্ঠ কোনো হ’বই নোৱাৰে৷