ইম্ফলঃ কৃষকৰ খেতিৰ পানী, শিশুৰ পঢ়া-শুনা, যুৱকৰ আয় আৰু বৃদ্ধৰ দৰৱ- এই চাৰিটাৰ প্ৰতিশ্ৰুতিৰে মণিপুৰক গেৰুৱা কৰাৰ পৰিকল্পনা কৰিছে মোদীয়ে। মণিপুৰৰ বিধানসভা নিৰ্বাচনৰ বাবে প্ৰচাৰত ভাগ ল’বলৈ আহি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজধানী চহৰৰ ইম্ফলত এই চাৰিটা বিষয়ত গুৰুত্ব দিয়াৰ কথা ঘোষণা কৰে। ৰাজ্যখনত ছটাকৈ সংগঠনে জাপি দিয়া অৰ্থনৈতিক অৱৰোধ আঁতৰোৱাৰো প্ৰতিশ্ৰুতি দিয়ে মোদীয়ে।
৬০ খন আসনৰ বাবে ৪ আৰ ৮ মাৰ্চত দুটা পৰ্যায়ত অনুষ্ঠিত নিৰ্বাচনত কোনোধৰণৰ স্থানীয় দল-সংগঠনৰ সহযোগীতা নোলোৱাকৈ দলটো অৱতীৰ্ণ হৈছে। এই নিৰ্বাচনী যুঁজখনত ১৫ বছৰীয়া কংগ্ৰেছ নেতৃত্বাধীন চৰকাৰখন উফৰোৱাৰ বাবে যৎপৰোনাস্তি চেষ্টা চলোৱা গেৰুৱা দলটোৱে পোনপটীয়াভাৱে ৰাজ্যখনৰ অনগ্ৰসৰতাৰ দায় শাসকীয় দলটোকে দিছে। নেশ্যনেল পিপলচ্ পাৰ্টি, নাগা পিপলচ্ ফ্ৰণ্ট আৰু লোক জনশক্তি পাৰ্টি প্ৰত্যেকই কাৰো সৈতে মিত্ৰজোঁট নকৰাকৈ মণিপুৰ নিৰ্বাচনত ভাগ্যপৰীক্ষা কৰিবলৈ আগবাঢ়িছে।