ডিজিটেল ডেস্কঃ কথাত কটা যায়, কথাত বঁটা পায় বুলি এষাৰ কথা আছে। কিন্তু আজিৰ ইণ্টাৰনেটৰ যুগত কথাত পাক লাগিলে সেয়া বনজুইৰ দৰে বিয়পি পৰে। সেয়ে সংবাদ মাধ্যমৰ আগত কথা কওতে খুবেই সতৰ্ক হোৱাৰ পৰামৰ্শ দিছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে।
শেহতীয়াকৈ ভালেকেইজন বিজেপি নেতা-মন্ত্ৰীয়ে সংবাদমাধ্যমৰ আগত বিতৰ্কিত আৰু দায়িত্বজ্ঞানহীন মন্তব্য কৰি দলটোক একপ্ৰকাৰ হাঁহিয়াতৰ পাত্ৰ কৰি তুলিছে। তদুপৰি কেতবোৰ মন্তব্যৰ বাবে বিজেপি দলটো জনতাৰ ওচৰত হেয় প্ৰতিপন্নও হৈছে। তাৰ বাবে দলৰ মন্ত্ৰী-বিধায়কক সচেতন হৈ মন্তব্য কৰাৰ বাবে দেওবাৰৰ এক বৈঠকত পৰামৰ্শ দিয়ে মোডীয়ে।