newsnextone.com | ডিজিটেল ডেস্কঃ ছ’চিয়েল মিডিয়াত জনপ্ৰিয়তা কমিছে কেইবাগৰাকী ভাৰতীয় ৰাজনীতিবিদৰ৷ বিশেষকৈ টুইটাৰত ফ’লৱাৰ কমিছে কেইবাগৰাকী ৰাজনেতাৰ৷ তাৰ কাৰণ হৈছে টুইটাৰে বিগত দিনত ভুৱা একাউণ্ট বন্ধ কৰাৰ বাবে চলোৱা অভিযানত ভাৰতৰ লাখ লাখ ভুৱা একাউণ্ট বন্ধ কৰি দিয়াত ক্ৰমান্বয়ে ভাৰতৰ ৰাজনেতাৰ ফ’লৱাৰ কমি আহিছে৷ লাখ লাখ একাউণ্ট ডিলিট কৰাৰ ফলত টুইটাৰত ভূমিকম্পৰ সৃষ্টি হয়৷ ইয়াৰ দ্বাৰা প্ৰমাণ হয় বিগত নিৰ্বাচনত ভুৱা একাউণ্টে বিশেষ প্ৰভাৱ পেলাইছিল৷
শুকুৰবাৰলৈকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ৩ লাখ, বিদেশ মন্ত্ৰী সুষমা স্বৰাজৰ ৭৪,১৩২ ফ’লৱাৰ কমি আহে৷ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ ৯২ হাজাৰ ফ’লৱাৰ কমি আহে৷