নগাওঁঃ পহিলা জুনৰ পৰা বলৱৎ হোৱাকৈ কেন্দ্ৰীয় চৰকাৰে সমগ্ৰ দেশতে জি এছ টি প্ৰৱৰ্তনৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে যদিও নগাঁও জিলাৰ অসংখ্য ক্ষুদ্ৰ ব্যৱসায়িক প্ৰতিষ্ঠানে জি এছ টি পঞ্জীয়নৰ নামত তীব্ৰ হাৰাশাস্তিৰ সন্মুখীন হ’বলগীয়াত পৰিছে৷ জানিব পৰা মতে, সৰ্বসাধাৰণ ব্যৱসায়িক প্ৰতিষ্ঠান আৰু ব্যৱসায়-ঠিকা আদিৰ লগত জড়িত ব্যক্তিসকলে জি এছ টি পঞ্জীয়নৰ বাবে অনলাইন ব্যৱস্থাৰ আশ্ৰয় ল’ব লাগে৷
জানিব পৰা মতে, প্ৰতিজন ব্যৱসায়ী বা ব্যৱসায়ৰ লগত জড়িত ব্যক্তিয়ে বিক্ৰী কৰ বিভাগৰ কাৰ্যালয়ত প্ৰয়োজনীয় তথ্য দাখিল কৰি জি এছ টি প্ৰভিজনেল আই ডি আৰু পাছৱৰ্ড সংগ্ৰহ কৰিব লাগে৷ এই কাৰ্য সম্পন্ন হোৱাৰ পিছত পৰৱৰ্তী পৰ্যায়ত সংশ্লিষ্ট ব্যক্তিজনে অনলাইনৰ জৰিয়তে জি এছ টি পঞ্জীয়ন কৰিব লাগে৷