ডিজিটেল ৰিপ'ৰ্টঃ গুৱাহাটী মহানগৰীত এতিয়া সম্পূৰ্ণৰূপে সুৰক্ষিত মহিলা-যুৱতী! মহানগৰীৰ যি কোনো ঠাইত এতিয়া বিপদত পৰিলেও চিন্তাৰ কোনো কাৰণ নাই মহিলা-যুৱতীসকলৰ! মহিলা নতুবা যুৱতীয়ে বিপদত পৰিলে কেৱল চিঞৰ এটা মাৰিলেই হ'ল৷ লগে লগে নাৰীক সুৰক্ষা প্ৰদান কৰিবলৈ আগবাঢ়ি আহিব শ শ লোক।

দেওবাৰে মহানগৰীৰ বেলতলা বজাৰত সংঘটিত এটি ঘটনাই যেন ইয়াকে প্ৰমাণিত কৰিছে! বজাৰখনত দুপৰীয়াৰ ভাগত বিপদত পৰা এগৰাকী যুৱতীয়ে চিঞৰ-বাখৰ কৰাৰ কিছু সময় পিছতে উদ্ধাৰৰ বাবে উধাতু খাই দৌৰি আহে এদল মানুহ।

পিছে ইয়াকে লৈ আশ্বস্ত হোৱাৰ কোনো কাৰণ নাই। কিয়নো মহিলা গৰাকীক বিপদৰ পৰা বচাবলৈ উপস্থিত হোৱা এইসকল লোকৰ অধিকাংশই হৈছে মৰেল পুলিচ৷ যুৱতীগৰাকীৰ কাষত উপস্থিত হৈয়েই হিন্দী কথাছবিৰ দৰে নায়ক হোৱাৰ ইচ্ছা জাগে এইসকল মৰেল পুলিচৰ। 

ঘটনাৰ বিৱৰণী মতে, বেলতলা বজাৰত এগৰাকী যুৱতীয়ে যুৱক এজনৰ বিৰুদ্ধে উত্থাপন কৰে মোবাইল চুৰিৰ অভিযোগ। লগে লগে যুৱতীগৰাকীৰ কাষত ত্ৰাণকৰ্তা হৈ থিয় দিয়া একাংশ মৰেল পুলিচে আইন হাতত তুলি লৈ আগ-পিছ নগুণি যুৱকজনক বেয়াকৈ মাৰধৰ কৰে৷

কোনো তথ্য-প্ৰমাণ নোহোৱাকৈ কেৱল সন্দেহৰ ভিত্তিতে এনেদৰে এদল লোকৰ আক্ৰমণৰ সন্মুখীন হৈ গুৰুতৰভাৱে আহত হয় যুৱকজন। পিছত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ গুৰুতৰভাৱে আহত যুৱকজনক উদ্ধাৰ কৰি চিকিত্সালয়লৈ প্ৰেৰণ কৰে ৷

মৰেল পুলিচৰ এনে গুণ্ডাগিৰিৰ ফলত বজাৰখনত এক উত্তেজনাময় পৰিৱেশৰ সৃষ্টি হয়৷ আৰক্ষীয়ে মৰেল পুলিচৰূপী পশুপতি নাথ নামৰ লোক এজনক আটক কৰে৷ আনহাতে আন এগৰাকী মৰেল পুলিচ হৰি দাসে আৰক্ষীক দেখিয়েই পলায়ন কৰে।

সামান্য চুৰিৰ অভিযোগত এনেদৰে এজন যুৱকক একাংশ মৰেল পুলিচে গুৰুলা-গুৰুলকৈ প্ৰহাৰ কৰা ঘটনাই সমগ্ৰ বেলতলা অঞ্চলত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ উল্লেখ্য যে দিনৰ ভাগত যুৱতী-মহিলাৰ ত্ৰাণ কৰ্তাৰ ভাও লোৱা এইসকল মৰেল পুলিচেই সন্ধিয়া হ'লেই নিৰ্যাতনকাৰীলৈ পৰিণত হৈ পৰে।

নিশা ৮ মান বাজিলেই মহানগৰীৰ ৰাজপথত অকলশৰীয়া যুৱতী দেখিলেই এনে মৰেল পুলিচসকলে তেনে যুৱতী-মহিলাক নষ্ট চৰিত্ৰৰ আখ্যা দি নিৰ্যাতন কৰি অহাৰো অভিযোগ উত্থাপন কৰিছে সচেতন মহলে।

• NNO পাঞ্জাবাৰীৰ সহযোগত•