ডিজিটেল ৰিপ’ৰ্টঃ গুৱাহাটী মহানগৰীত এতিয়া সম্পূৰ্ণৰূপে সুৰক্ষিত মহিলা-যুৱতী! মহানগৰীৰ যি কোনো ঠাইত এতিয়া বিপদত পৰিলেও চিন্তাৰ কোনো কাৰণ নাই মহিলা-যুৱতীসকলৰ! মহিলা নতুবা যুৱতীয়ে বিপদত পৰিলে কেৱল চিঞৰ এটা মাৰিলেই হ’ল৷ লগে লগে নাৰীক সুৰক্ষা প্ৰদান কৰিবলৈ আগবাঢ়ি আহিব শ শ লোক।
দেওবাৰে মহানগৰীৰ বেলতলা বজাৰত সংঘটিত এটি ঘটনাই যেন ইয়াকে প্ৰমাণিত কৰিছে! বজাৰখনত দুপৰীয়াৰ ভাগত বিপদত পৰা এগৰাকী যুৱতীয়ে চিঞৰ-বাখৰ কৰাৰ কিছু সময় পিছতে উদ্ধাৰৰ বাবে উধাতু খাই দৌৰি আহে এদল মানুহ।