গৰৈমাৰীঃ ব্ৰহ্মপুত্ৰৰ খহনীয়াই ভয়াৱহ ৰূপ ধাৰণ কৰিছে দক্ষিণ কামৰূপৰ ছয়গাঁও সমষ্টিৰ গৰৈমাৰীৰ বৰাখাট খলিহামাৰী গাঁৱত। ইতিমধ্যে ব্ৰহ্মপুত্ৰৰ তাণ্ডৱত ঘৰ-বাৰী, মাটি-ভেটি হেৰুৱাই ১০০টাতকৈ অধিক পৰিয়াল সৰ্বস্বান্ত হৈছে।
বিগত দিনত কংগ্ৰেছ চৰকাৰে বৰাখাট খলিহামাৰীত খহনীয়া প্ৰতিৰোধৰ বাবে কোনো আঁচনিয়েই গ্ৰহণ কৰা নাছিল। কেন্দ্ৰীয় চৰকাৰৰ জলসম্পদ বিভাগে বান-খহনীয়া প্ৰতিৰোধৰ নামত ৰাজ্যসমূহলৈ আবণ্টন দিয়া ধনৰ সিংহভাগেই আত্মসাৎ কৰাৰ ফলত বান-খহনীয়া সমস্যাত আজিলৈকে জুৰুলা হৈয়ে থাকিল।