ডিজিটেল ডেস্কঃ মুগেম্ব’য়ে নহয়, বলীউড জগতৰ সৈতে চিনাকি থকা প্ৰতিজন লোককেই খুছ কৰিবলৈ সক্ষম হৈছিল দুটা দশক পূৰ্বে নিৰ্মিত চায়ফিক থ্ৰিলাৰ মিষ্টাৰ ইণ্ডিয়া৷ পুনৰাই দৰ্শকক আপ্লুত কৰিবলৈ সেই একেটা যুটি অনিল কাপুৰ আৰু শ্ৰীদেৱীয়ে আপোনাক নষ্টালজিক কৰাৰ ৰসাল প্লেন ৰচিছে৷
ডেক্কান হেৰাল্ডত প্ৰকাশ পোৱা তথ্য অনুসৰি চিনেমাখনৰ প্ৰডাকশ্যনৰ ঘনিষ্ঠ সূত্ৰ এটাই ছবিখনৰ ছিকুৱেল নিৰ্মাণৰ ইংগিত দিছে৷ আনকি ছৱিখনৰ বাবে এটা জবৰদস্ত প্লট পোৱাৰ কথাও উল্লেখ কৰিছে সূত্ৰটোৱে৷