কাজিৰঙাঃ অইন চিকিৎসকৰ পঞ্জীয়ন নম্বৰেৰে জালিয়াতি কৰি ডিফলু চাহ বাগিচাত কাৰ্যনিৰ্বাহ কৰি আছিল ডাঃ অচ্যুত হাজৰিকা ওৰফে ঋষভ হাজৰিকাই। বোকাখাত প্ৰেছ ক্লাবৰ তৎপৰতাত মুখ্য চিকিৎসকৰ উপস্থিতিত জোলোঙাৰ মেকুৰী ওলাই পৰাত চাকৰি ইস্তফা দি পলায়ন কৰে স্বয়ম্ভূ চিকিৎসকজনে।
ইয়াৰ পূৰ্বতেও ডাঃ ঋষভ হাজৰিকা নামেৰে ভুৱা পঞ্জীয়ন নম্বৰেৰে খুমটাই চাহ বাগিছাত চিকিৎসক হিচাপে কাম কৰি গ্ৰেপ্তাৰো হৈছিল এইজন চিকিৎসক। খুমটাই চাহ বাগিছাত ৰূপম হাজৰিকা নামৰ দিল্লীত কৰ্মৰত এজন চিকিৎসকৰ পঞ্জীয়ন নম্বৰ ব্যৱহাৰ কৰিছিল এই চিকিৎসকজনে।