মোৰাঝাৰঃ হোজাইৰ মোৰাঝাৰ ক্ৰীড়া সন্থাৰ খেল পথাৰত বি জে পিৰ পৃষ্ঠা প্ৰমুখ সন্মিলন দেওবাৰে অনুষ্ঠিত হয়। দিনৰ বাৰ বজাত অনুষ্ঠিত এই সন্মিলনত বি জে পি নেতা জিতু গোস্বামী, নজমুল আলম লস্কৰ, পুতুল দাস কে ধৰি বহু নেতা উপস্থিত থাকি ভাষণ আগবঢ়ায়৷

মোডীৰ গুণ-গান গোৱা সভাত ৰাইজৰ উপস্থিতি সেৰেঙা৷ চকী খালী হৈয়ে থাকিল৷ 

সভাত নিজকে আমবাৰী পঞ্চায়তৰ সভাপতি বুলি ভুৱা পৰিচয় দি আব্দুল হান্নানে বি জে পিত সমৰ্থন কৰাক লৈ সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। আচৰ্যজনক কথাটো হ’ল যে যমুনামুখ সমষ্টিৰ আমবাৰী পঞ্চায়তত যোৱা পঞ্চায়ত নিৰ্বাচনত ৰুণা লাইলা নামৰ এগৰাকী মহিলাই নিৰ্দলীয় প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰি সভানেত্ৰী পদত জয়ী হৈছিল। ৰুণা লায়লা আব্দুল হান্নানৰ পত্নী৷ কিন্তু আজি মোৰাঝাৰ খেল পথাৰত ভাৰতীয় জনতা পাৰ্টিৰ পৃষ্ঠা প্ৰমুখ সন্মিলনত আব্দুল হান্নানে নিজকে আমবাৰী পঞ্চায়তৰপৰা জয়ী হোৱা সভাপতি বুলি ভুৱা পৰিচয় দি আন পাঁচজন কৰ্মীক লগত লৈ বি জে পিক সমৰ্থন কৰে৷

সাংবাদিকে কৰা প্ৰশ্নত নিজৰ পত্নীৰ সলনি তেওঁহে বি জে পিক সমৰ্থন কৰিছে বুলি উল্লেখ কৰে। এতিয়া প্ৰশ্ন হয়, পত্নীৰ গণতান্ত্ৰিক অধিকাৰ খৰ্ব কৰি সভানেত্ৰীৰ অনুপস্থিতিত স্বামী আব্দুল হান্নানে বি জে পিক সমৰ্থন কৰাটো কিমান যুক্তি সংগত।

কংগ্ৰেছ দলৰপৰা জিকি অহা আব্দুল হান্নানৰ পত্নী আৰু নমিনি হিচাপে তেওঁ বি জে পিত যোগদান কৰা খবৰে কংগ্ৰেছৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়া বিৰাজ কৰিছে আৰু দলীয় কন্দলৰ বহিঃপ্ৰকাশ ঘটিছে৷ যমুনামুখ কংগ্ৰেছত কি চলিছে, কিয় তেওঁ দল এৰিলে এয়া জ্যেষ্ঠ কংগ্ৰেছীৰ মাজত চলিছে আলোচনা৷