ছাদিকুজ জামান, মোৰাঝাৰঃ হোজাই জিলাৰ মোৰাঝাৰত কৃষি ঋণৰ নামত সংঘটিত হৈছে কোটি টকীয়া কেলেংকাৰী। এই কেলেংকাৰী গাপ দিবলৈ ভাৰতীয় ষ্টেট বেংকৰ মোৰাঝাৰ শাখা নীলবাগানত স্থানান্তৰকৰণক লৈ উওপ্ত হৈ পৰে মোৰাঝাৰ।
বুধবাৰে পুৱা ৮ বজাৰপৰা ২ বজালৈ মোৰাঝাৰ এছবিআই শাখা স্থানান্তৰকৰণৰ প্ৰতিবাদত মোৰাঝাৰ বজাৰত এছবিআই মোৰাঝাৰ শাখা গ্ৰাহক সুৰক্ষা আৰু সমন্বয় সমিতিৰ উদ্যোগত আৰু এনএছইউআই, আমছু, ইউডিএছএফ, আকছু, নেমছু, কৃষক মুক্তি সংগ্ৰাম সমিতি, ড্ৰাইভাৰ ইউনিয়ন, মোৰাঝাৰ ব্যৱসায়ী সংস্থাকে ধৰি স্কুল কলেজৰ ছাত্ৰ-ছাত্ৰীৰ সহযোগত মোৰাঝাৰ বজাৰত সাধাৰণ ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰা হয়।