68
গুৱাহাটীঃ ২০০৪ চনত ৰাজ্য তথা দেশ কপোৱা ধেমাজি জিলাৰ বোমা বিস্ফোৰণৰ ১৫ বছৰৰ মূৰত বৃহস্পতিবাৰে ঘটনাৰ চূড়ান্ত ৰায় প্ৰদান কৰিব আদালতে৷
২০০৪ চনত স্বাধীনতা দিৱসৰ উদযাপনস্থলীত বোমা বিস্ফোৰনেৰে ১০ টা শিশু ৩ গৰাকী মহিলাসহ ১৩ গৰাকী লোকৰ মৃত্যু হৈছিল৷ বিস্ফোৰণ কাণ্ডত জড়িত থকা বুলি প্ৰাক্তন মন্ত্ৰী ভৰত নৰহৰ নাম সাঙোৰ খাই পৰিছিল৷