72
ষড়াণন বৰা, চামগুৰিঃ সম্প্ৰতি চামগুৰিত ক্ৰমান্বয়ে বৃদ্ধি পাবলৈ ধৰিছে চুৰিজনিত ঘটনা। মঙলবাৰে নিশাও চামগুৰি আৰক্ষীৰ জালত পৰিল এখন চুৰি বাইকসহ এটা কম বয়সীয়া দুৰ্ধৰ্ষ বাইক চোৰ।
খাটোৱাল আৰক্ষী থানাৰ অন্তৰ্গত হেমাৰবড়ী গাঁৱত নিশা চামগুৰি আৰক্ষীয়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰে বাইক চোৰটোক। স্থানীয় ৰাইজৰ সহযোগত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা প্ৰায় ১৯ বছৰীয়া চোৰটোৰ নাম আৰ্জিকুৰ ইছলাম।