63
গুৱাহাটীঃ বৃহস্পতিবাৰে মুকলি কৰা হ’ব পুৰণি শৰাইঘাট দলং।
নিৰ্ধাৰিত সময়তে অহা বৃহস্পতিবাৰে মুকলি কৰি দিয়া হ’ব দলংখন। যোৱা ৩ মাহৰপৰা শৰাইঘাটৰ পুৰণি দলঙখনৰ মেৰামতিৰ কাৰণে বন্ধ কৰি ৰখা হৈছিল৷ আনহাতে দলঙখনৰ ১১ টা বৰ্ধিত অংশৰ সংযোগৰ বাবে এই কাম চলিছিল৷ লগতে দলঙখনৰ ডেকৰ মেৰামতিৰ কাম সম্পূৰ্ণ হৈছে৷