ছাদিকুজ জামান, মোৰাঝাৰঃ প্ৰতিবন্ধকতাই সাফল্যতাৰ হেঙাৰ হ’ব নোৱাৰে৷ সেই কথা প্ৰমান কৰি দেখুৱালে হোজাই জিলাৰ মোৰাঝাৰৰ এগৰাকী শাৰিৰীকভাৱে বিশেষ অক্ষম ছাত্ৰীয়ে৷
মোৰাঝাৰৰ এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰী তথা বৰ্তমান হোজাইৰ মৰিয়ম আজমল ৱিমেন কলেজৰ উচ্চতৰ মাধ্যমিকৰ দ্বিতীয় বৰ্ষৰ অধ্যয়নৰত ছাত্ৰী জেবিন কৌচাৰক লৈ বলিউদৰ তাৰকা অক্ষয় কুমাৰে নিৰ্মাণ কৰি উলিয়াইছে এখন ‘চুটি ছবি’৷ ছবিখনৰ প্ৰ’মো ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে৷ ছাত্ৰী গৰাকীৰ এনে সফলতাক লৈ উৎফুল্লিত হৈ পৰিছে মোৰাঝাৰবাসী৷