মুছলপুৰঃ আজি আৰু সুদা ভাত খাব লাগিব বুলি অভিযোগ কৰিব নোৱাৰিব কোনোৱে। কিয়নো মাছ আনিবৰ বাবে লৰাৰ মাকেই নামিছে বিলত৷ জাকৈ-জাল নোহোৱাকৈ হাতেৰে মাছ ধৰিবলৈ বাক্সাৰ মুছলপুৰত শ শ পুৰুষ মহিলাই পুৱাই নামিল মুছলপুৰৰ চাৰন বিলত।
বাক্সা জিলাৰ মুছলপুৰৰ চাৰন বিলত যেন উজান হে উঠিছে৷ চাৰন বিল মীন উৎপাদন সমিতিয়ে আয়োজন কৰা মাছ ধৰা প্ৰতিযোগিতা উপলক্ষে আজি পুৱাৰে পৰা চাৰন বিলত উখল মাখল পৰিবেশ। শ শ পুৰুষ-মহিলাই মাছ ধৰাৰ বাবে নামিল বিলত। পাৰত দৰ্শকৰ ভীৰ।