89
জয়ন্ত মুদৈ, নগাঁওঃ আধুনিক কবিতাৰ স্ৰষ্টা,শেৱালী কবি ৰত্নকান্ত বৰকাকতীৰ স্মৃতি দিৱসটি আজি ধিং শাখা সাহিত্য সভাৰ উদ্যোগত দিনযোৰা কাৰ্যক্ৰমণিকাৰে উদযাপন কৰা হয় ৷
কাৰ্যসূচী অনুসৰি পুৱা ১০ বজাত ৰত্নভৱন প্ৰাংগণত থকা মহান কবিজনাৰ প্ৰতিমূৰ্তিত বন্তি প্ৰজ্বলন আৰু মাল্যাৰ্পনেৰে কাৰ্যসূচীৰ পাতনি মেলে ধিং শাখা সাহিত্য সভাৰ সভাপতি ডাঃ বসন্ত শৰ্মাই ৷ ইয়াৰ পিছতে ৰত্নভৱন প্ৰেক্ষাগৃহত এখনি স্মৃতিচাৰণ সভা অনুষ্ঠিত কৰা হয় ৷