নিৰাপত্তাহীনতাত ভুগিছে সংখ্যালঘু নেতা আবুবক্কৰ ছিদ্দিক,নগাঁও জিলা উপায়ুক্তক স্মাৰক পত্ৰ...

Home ৰাজ্যনিৰাপত্তাহীনতাত ভুগিছে সংখ্যালঘু নেতা আবুবক্কৰ ছিদ্দিক,নগাঁও জিলা উপায়ুক্তক স্মাৰক পত্ৰ প্ৰদান

নিৰাপত্তাহীনতাত ভুগিছে সংখ্যালঘু নেতা আবুবক্কৰ ছিদ্দিক,নগাঁও জিলা উপায়ুক্তক স্মাৰক পত্ৰ প্ৰদান

by News Desk
98 views
A+A-
Reset

newsnextone.com ।নগাঁওঃ অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ কেন্দ্ৰীয় সম্পাদক আবুবক্কৰ ছিদ্দিকে বৰ্তমান সম্পূৰ্ণ নিৰাপত্তাহীনতাত ভোগাৰ লগতে প্ৰাণৰ ভয়ত মুক্ত ভাৱে চলাফুৰা কৰি পৰিষদৰ সাংগঠনিক কাম কাজ কৰিব নোৱাৰাৰ গুৰুত্বৰ অভিযোগ উত্থাপন কৰিছে নগাঁও জিলা সমিতিয়ে। উল্লেখযোগ্য যে, যোৱা ২৯ আগষ্টত নগাঁও চহৰৰ ধিংগেট স্থিত আছিয়া হোটেলৰ সন্মুখৰ পৰা এটি দুৰ্বৃত্তৰ দলে চোকা মাৰনাস্ত্ৰ দেখুৱাই অপহৰণ কৰিছিল ছিদ্দিকক৷ যদিও নগাঁও আৰক্ষীৰ তৎপৰতাত ছিদ্দিকক উদ্ধাৰ কৰাৰ লগতে দুই অপহৰণকাৰীক আটক কৰিবলৈ সক্ষম হৈছে। 

অভিযোগ অনুসৰি, দীৰ্ঘদিন ধৰি এচাম দুৰ্বৃত্তই সংখ্যালঘু নেতা ছিদ্দিকক প্ৰাণে মৰাৰ চেষ্টা চলাই আহিছে। আগন্তুক ২৪ ঘন্টাৰ ভিতৰত উক্ত অপহৰণ কাণ্ডৰ লগত জড়িত থকা ব্যক্তিক চিনাক্ত কৰি গ্ৰেপ্তাৰ কৰা, নিৰাপত্তাহীনতাত ভূগি থকা সংখ্যালঘু নেতা ছিদ্দিকক নিৰাপত্তাৰ ব্যৱস্থা কৰা, অপহৰণকাৰীৰ কৱলৰ পৰা কেন্দ্ৰীয় সম্পাদক ছিদ্দিকৰ গাড়ীৰ চাবিৰ লগতে মোবাইল ফোন উদ্ধাৰ কৰাৰ দাবী তুলি যোৱা ৬ ছেপ্টেম্বৰত অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নগাঁও জিলা সমিতিয়ে জিলা  উপায়ুক্তক এখন স্মাৰক পত্ৰ প্ৰদান কৰে। মধ্য অসম নগাঁও জিলাত এজন সংখ্যালঘু নেতা নিৰাপত্তাহীনতাত ভোগা ঘটনাই সমগ্ৰ জিলাতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে বুলি জানিব পৰা গৈছে৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0