newsnextone.com। মানকাচৰঃ মানকাচৰৰ কুকুৰমাৰা এম ই স্কুলত ছিভিক একছন আচনিৰ অধীনত আজি ৰাতিপুৱা ১০.৩০ বজাৰ পৰা ৬ বি এন বি এছ এফ ৰ উদোগত এক বিনামূলীয়া চিকিৎসা শিবিৰ আয়োজন কৰা হৈছে। লগতে বিদ্যালয়বোৰত কিছু খেলৰ সামগ্ৰী,ডেস্ক, ফিল্টাৰ আদি যোগান ধৰে।
কাৰ্যসূচীত ৬ বি এন বি এছ এফৰ ডি আই জি হেডকোবাটাৰ ধুবুৰীৰ ললিত কুমাৰ, কমানডেন্ট এম আৰ মিনা আৰু অনান্য বিষয় ববীয়াসকল উপস্ছিত থাকে। ৪৫০ জন ৰোগীক চিকিৎসা প্ৰদান কৰা হয়। বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা সাংস্কৃতিক অনুষ্ঠান পৰিবেশন কৰা হয়।